Share
১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডই জোঁকাৰি গৈছিল উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশ । দলিত সম্প্ৰদায়ৰ ধৰ্ষিতা যুৱতী গৰাকীৰ মৃত্যুৰ লগে লগে আৰম্ভ হৈছিল ব্যাপক চাঞ্চ্যলৰ।প্ৰশ্ন উঠিছিল ৰাজ্য চৰকাৰ-প্ৰশাসনৰ ভূমিকাক লৈ । অভিযোগ উত্থাপিত হৈছিল তদন্ত প্ৰক্ৰিযাৰ ওপৰত। দাবী উত্থাপন হৈছিল CBI তদন্তৰ আৰু বিভিন্ন জনৰ দাবীৰ পিছত অৱশেষত সমগ্ৰ ঘটনাৰ দ্বায়িত্ব প্ৰদান কৰা হ’ল CBIক। মঙলবাৰে হাথৰছত গৈ উপস্থিত হৈছিল CBIৰ তদন্তকাৰী দল। যাৰ নেতৃত্বত আছে ASP বিষয়া সীমা পাহুজা। ACB বিষয়াগৰাকীৰ উপস্থিতিত আৰম্ভ কৰা হৈছে তদন্তৰ।
এই ASP বিষয়া সীমা পাহুজা পৰিচিত যিকোনো ঘটনাৰ ক্ষিপ্ৰতাৰে তদন্ত কৰাৰ বাবে। ২০১৮ বৰ্ষৰ CBIৰ সাৰ্বাধিক ঘটনাৰ তদন্ত কৰা বিষয়াৰ মাজৰ এগৰাকী বিষয়া হ’ল এই সীমা পাহুজা। ইয়াৰ পূৰ্বেও হিমাচল প্ৰদেশৰ ছিমলাত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণৰ সফল তদন্ত কৰিছিল এইগৰাকী বিষয়াই। নিজৰ কৰ্মক্ষেত্ৰত সাহসিকতাৰ প্ৰমাণ দিয়া বিষয়াগৰাকীয়ে ইতিমধ্যে লাভ কৰিছে কেইবাটাও বঁটা । এতিয়া দেশবাসীৰ আশা ASP সীমা পাহুজাৰ নেতৃত্বত চলা এই তদন্তই ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ব হাথৰছৰ নিৰ্যাতিতাৰ পৰিয়ালক।
Subscribe.like

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন